আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংস্থা গ্রীণ এণ্ড গ্রীণ ইণ্ডিয়াৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি যোৰহাট আৰু মাজুলীত এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। অহা ২৫ আৰু ২৬ জানুৱাৰীত যোৰহাটৰ চাউলুং চ্যুকাফা আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আৰু ২৭ জানুৱাৰীত মাজুলীত হ’বলগীয়া এই সন্মিলনত দেশ-বিদেশৰ কেইবাগৰাকীও প্রতিনিধিয়ে অংশগ্ৰহণ কৰিব। কালি যোৰহাটত অনুষ্ঠিত এখন সংবাদ মেলত গ্ৰীণ এণ্ড গ্রীণ ইণ্ডিয়াৰ সভাপতি বিপুল হাজৰিকাই এই কথা সদৰি কৰে। সংবাদ মেলত তেওঁ কয়, যে ইতিমধ্যে ২৫ বছৰ সম্পূৰ্ণ কৰা এই সংস্থাটোৰ দেশে-বিদেশে এক লাখ ৭২ হাজাৰ ৬৩০ গৰাকী সদস্য আছে। কেডাৰভিত্তিক এই সংস্থাৰ প্ৰতিগৰাকী সদস্যই গছ ৰোপণৰ ক্ষেত্ৰত সেৱা আগবঢ়াই আহিছে। সংস্থাটোৱে গাঁৱে-ভূঞে, নগৰে-চহৰে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা আৰু প্ৰাকৃতিকভাৱে অম্লজান উৎপাদনৰ পদক্ষেপ গ্রহণ কৰি আহিছে ৷
অহা ২৫ আৰু ২৬ জানুৱাৰীত হ’বলগীয়া এই আন্তর্জাতিক সন্মিলনত বহুকেইগৰাকী অতিথিয়ে অংশগ্রহণ কৰাৰ লগতে সন্মিলনৰ দেশী-বিদেশী প্রতিনিধিসকলে ২৭ জানুৱাৰীত মাজুলীৰ সত্ৰ দৰ্শন কৰি মাজুলীবাসীৰ লগত বাৰ্তালাপত মিলিত হ’ব।