গুৱাহাটীৰ এটা প’ৰ্টেল চেনেলৰ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদক দিলোৱাৰ হুছেইন মজুমদাৰক আৰক্ষীয়ে কালি গ্ৰেপ্তাৰ কৰে। সাংবাদিকজনৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি আজি গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকসকলে প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। বিভিন্ন সংবাদ মাধ্যমৰ সাংবাদিকসকলে ক’লা বেজ পৰিধান কৰি এই প্ৰতিবাদী কাৰ্যসূচীত ভাগ লয়। সাংবাদিকসকলে গ্রেপ্তাৰ কৰা ঘটনাৰ গৰিহণা দি আৰক্ষীৰ ভূমিকা সন্দৰ্ভত প্রশ্ন উত্থাপন কৰে। কালি পাণবজাৰ আৰক্ষীয়ে সাংবাদিকগৰাকীক গুৱাহাটীৰ পাণবজাৰৰ এপেক্স বেংকৰ কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰে। চৰকাৰী বিষয়াৰ বিৰুদ্ধে আপত্তিজনক শব্দ ব্যৱহাৰৰ অভিযোগত সাংবাদিকগৰাকীক জামিন অযোগ্য ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।
Assamese | March 26, 2025 1:34 PM | gpc protest journalist arrest
গুৱাহাটীৰ এটা প’ৰ্টেল চেনেলৰ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদকক গ্ৰেপ্তাৰ, প্ৰেছ ক্লাবত প্ৰতিবাদ