গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মহিলা চিকিৎসকসকলৰ সংস্থা সঞ্জীৱনীৰ সহযোগত আজি গুৱাহাটী প্ৰেছ ক্লাবত এটা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। মেডিচিন, ই এন টি, চকুৰোগ, প্রসূতি, শিশুৰোগ, চৰ্মৰোগ, গেষ্টল’জি আদি বিভাগৰ বিশেষজ্ঞ চিকিৎসকসকলে এই শিবিৰত স্বাস্থ্য সেৱা আগবঢ়ায়। এই স্বাস্থ্য পৰীক্ষা শিবিৰত সাংবাদিক আৰু সাংবাদিকৰ পৰিয়ালৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয় ৷
Site Admin | December 13, 2025 9:24 PM | gpc health camp
গুৱাহাটী প্ৰেছ ক্লাবত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ