চৰকাৰে দেশৰ বিভিন্ন অঞ্চলত দুহেজাৰটা মটৰ চালনা প্রশিক্ষণ কেন্দ্ৰ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে কয়, যে এই প্ৰশিক্ষণ কেন্দ্ৰসমূহ দেশৰ পিছপৰা আৰু জনজাতীয় অঞ্চলসমূহত মুকলি কৰা হ’ব। এই অঞ্চলসমূহৰ যুৱক-যুৱতীসকলে ইয়াৰ ফলত নিয়োগৰ সুবিধাও লাভ কৰিব বুলি তেওঁ প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে দেশত সম্প্রতি প্রায় ২২ লাখ গাড়ী চালকৰ অভাৱ আছে আৰু এই কেন্দ্ৰসমূহে প্রশিক্ষণপ্রাপ্ত গাড়ীচালকৰ অভাৱ দূৰ কৰাত সহায় কৰিব। দেশত পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। অনুষ্ঠানত শ্ৰীগাডকাৰীয়ে জনসাধাৰণক ট্ৰেফিক নিয়মসমূহ মানি চলিবলৈও আহ্বান জনায়।
Site Admin | June 17, 2025 9:50 AM | Govt to open two thousand driving training schools in various parts of country
দেশৰ বিভিন্ন অঞ্চলত ২,০০০টা মটৰ চালনা প্রশিক্ষণ কেন্দ্ৰ মুকলি কৰাৰ সিদ্ধান্ত চৰকাৰৰ