অনাগত দিনত কেইবাখনো ৰাষ্ট্ৰীয় পেন্সন আঁচনি ৰূপায়ণৰ পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে অনাগত দিনত কেইবাখনো ৰাষ্ট্ৰীয় পেন্সন আঁচনি ৰূপায়ণ কৰাৰ পৰিকল্পনা কৰিছে। ৰাজ্যসভাত আজি এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড০ মনসুখ মাণ্ডাভিয়াই কয় যে জনসাধাৰণৰ বাবে বিশেষকৈ অসংগঠিত খণ্ডৰ লোকসকলৰ বাবে চৰকাৰে অটল পেন্সন যোজনা, পি এম শ্রমিক মন্থন, পি এম শ্রমযোগী মন্থন আদিকে ধৰি ভালেমান পেন্সন আঁচনি ৰূপায়ণ কৰিছে। এই আঁচনিসমূহৰ জৰিয়তে প্রায় ৬ কোটি লোক উপকৃত হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে এই সকলো আঁচনিৰ অধীনত ৬০ বছৰ বয়স হোৱাৰ পাছত প্ৰতিগৰাকী হিতাধিকাৰীক প্ৰতি মাহে ৩ হাজাৰৰ পৰা ৫ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।