ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

লালকিল্লাত স্বাধীনতা দিৱস অনুষ্ঠানলৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৬১গৰাকী ক্ষেত্ৰ কৰ্মীক বিশেষ অতিথি হিচাপে আমন্ত্ৰণ

নতুন দিল্লীৰ লালকিল্লাত আয়োজিত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ সাক্ষী হ’বলৈ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ বিভিন্ন আঁচনি ৰূপায়ণ কৰি থকা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৬১ গৰাকী ক্ষেত্ৰ কৰ্মীক বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ তথ্য অনুসৰি অংগনৱাড়ী, সখী একক অৱস্থান কেন্দ্র, সংকল্প: মহিলা সৱলীকৰণ কেন্দ্ৰ, শিশু কল্যাণ সমিতি আৰু জিলা শিশু সুৰক্ষা গোটৰ নিৰ্বাচিত মহিলা কর্মীসকলক বিশেষ অতিথি হিচাপে আমন্ত্রণ জনোৱা হৈছে। মন্ত্ৰালয়ে জনোৱা মতে, মহিলা আৰু শিশুসকলক সবলীকৰণৰ দিশত আগবঢ়োৱা প্ৰচেষ্টাৰ স্বীকৃতি স্বৰূপে এই বিশেষ অতিথিসকলক আমন্ত্রণ জনোৱা হৈছে।