লালকিল্লাত স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ মহিলা প্রতিনিধিকে ধৰি দেশৰ ৪০০গৰাকী প্ৰতিনিধিক বিশেষ অতিথি হিচাপে আমন্ত্রণ

কেন্দ্ৰীয় চৰকাৰে দিল্লীৰ লালকিল্লাত আয়োজিত ৭৮সংখ্যক স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ মহিলা প্রতিনিধিকে ধৰি সমগ্ৰ দেশৰ ৪০০গৰাকী প্ৰতিনিধিক বিশেষ অতিথি হিচাপে আমন্ত্রণ জনাইছে। ইপিনে, পঞ্চায়তীৰাজ মন্ত্ৰালয়ে আজি নতুন দিল্লীত পঞ্চায়তৰ নেত্ৰীসকলৰ বাবে এখন ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন কৰিছে। এই কৰ্মশালাত পঞ্চায়তত নেত্ৰীসকলৰ প্ৰত্যাহ্বান আৰু সুযোগ, সাফল্যগাথা আৰু স্থানীয় প্ৰশাসনত মহিলাৰ অংশগ্রহণ বৃদ্ধিৰ ৰণনীতি সম্পৰ্কে আলোচনা কৰা হ’ব। স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ জনোৱা সকলো প্রতিনিধিয়ে এই কর্মশালাত ভাগ ল’ব। কেন্দ্ৰীয় পঞ্চায়তীৰাজ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিং আৰু পঞ্চায়ত ৰাজ্য মন্ত্ৰী প্ৰফেচাৰ এছ পি সিং বাঘেলে আজি এই আমন্ত্রিত প্রতিনিধিসকলক সম্বৰ্ধনা জনাব। অনুষ্ঠানত ভাষিনী এপৰ সহযোগত ই-গ্রাম স্বৰাজ নামৰ বহুভাষিক মঞ্চ মুকলি কৰা হ’ব। এই উদ্যমে প’ৰ্টেলটো অধিসূচিত ২২টা ভাৰতীয় ভাষাৰ আটাইকেইটাতে চাব পৰা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।