চৰকাৰে দেশৰ অত্যাৱশ্যকীয় সেৱা আৰু ব্যৱস্থাসমূহ সুচাৰুৰূপে চলি থকাটো নিশ্চিত কৰাৰ বাবে কোনো ত্রুটি এৰা নাই। ৰাষ্ট্ৰীয় সুৰক্ষাৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন মন্ত্ৰ্যালয় আৰু বিভাগসমূহে ৰাষ্ট্রীয় প্রস্তুতি আৰু আন্তঃমন্ত্ৰালয় সহযোগিতাৰ পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীয়ে দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱ ঘটা নাই বুলি প্ৰকাশ কৰিছে। বর্তমান অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰ্যাপ্ত পৰিমাণে মজুত আছে বুলি তেওঁ ৰাইজক আশ্বস্ত কৰে। খাদ্য সামগ্ৰীৰ অভাৱ ঘটা বুলি প্ৰচাৰ হোৱা বাতৰি ভুৱা বুলি প্ৰকাশ কৰি তেওঁ এনেধৰণৰ অপপ্ৰচাৰত বিশ্বাস নকৰিবলৈ ৰাইজক আহ্বান জনায়।
কেন্দ্রীয় স্বাস্থ্যমন্ত্রী জে পি নাড্ডাই কালি বিভাগটোৰ শীৰ্ষ বিষয়াসকলৰ সৈতে স্বাস্থ্য আন্তঃগাঁথনি আৰু প্রস্তুতি সন্দৰ্ভত পর্যালোচনা কৰে। বিত্তমন্ত্রী নির্মলা সীতাৰমণে কালি সন্ধিয়া একেধৰণৰ আন এখন বৈঠকত অধ্যক্ষতা কৰি বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানৰ চাইবাৰ সুৰক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত পর্যালোচনা কৰে। ৰাজহুৱা খণ্ডৰ বেংকসমূহে প্ৰকাশ কৰা অনুসৰি এটিএম, নগদ ধন জমা কৰা আৰু ধন উলিওৱা মেচিন তথা সকলোধৰণৰ ডিজিটেল সেৱা সম্পূৰ্ণৰূপে কাৰ্যকৰী হৈ আছে আৰু জনসাধাৰণৰ বাবে এই সেৱা উপলব্ধ হৈ আছে। বেংকসমূহে অপ্রমাণিত তথ্যৰ ওপৰত ভৰসা নকৰিবলৈ গ্ৰাহকসকলক আহ্বান জনাইছে। আনহাতে ইণ্ডিয়ান অইল কৰ্পৰেচনে সমগ্ৰ দেশতে পর্যাপ্ত পৰিমাণৰ ইন্ধন মজুত আছে বুলি আশ্বাস দিছে। সংস্থাটোৱে লগতে জনসাধাৰণক অপ্রয়োজনীয়ভাৱে ইন্ধন ক্ৰয় কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে।