কেন্দ্ৰীয় চৰকাৰে কৌশলগত নীতি আৰু পদক্ষেপেৰে যুৱ প্ৰজন্ম সবলীকৰণৰ প্ৰতিশ্ৰুতি দিছেঃ ড০ মনসুখ মন্দাভিয়া

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই কয়, যে কেন্দ্ৰীয় চৰকাৰে কৌশলগত নীতি আৰু পদক্ষেপেৰে যুৱ প্ৰজন্ম সবলীকৰণৰ প্ৰতিশ্ৰুতি দিছে, যাতে ২০৪৭ চনত উন্নত ভাৰত গঢ়াৰ লক্ষ্যক বাস্তৱায়িত কৰিব পাৰে। কালি সন্ধিয়া কাশ্মীৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত বিকশিত ভাৰত- যুৱ প্ৰজন্মৰ সংযোগ শীৰ্ষক এটা অনুষ্ঠানত ড০ মন্দাভিয়াই ভৱিষ্যতৰ ভাৰত নিৰ্মাণত যুৱ প্ৰজন্মৰ প্ৰধান ভূমিকাত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, যে যুৱ প্ৰজন্মৰ শক্তি, অভিলাষ আৰু উদ্ভাৱনে ভাৰতৰ উন্নয়নৰ যাত্ৰাত সহায় কৰিব। শ্রীমন্দাভিয়াই কয়, যে উন্নত ভাৰতৰ সপোন দেশৰ যুৱ প্ৰজন্মৰ প্ৰতিভা আৰু উৎসৰ্গাৰ মনোভাৱৰ পৰা উপলব্ধি কৰিব পৰা যাব।