দেশৰ কৃষকসকলৰ জীৱনলৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন অনাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ আৰু প্ৰধানমন্ত্ৰী ধন-ধান্য কৃষি যোজনা এই লক্ষ্যৰ দিশে আন এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। সামাজিক মাধ্যম এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়, যে ইয়াৰ জৰিয়তে অকল কৃষি ক্ষেত্ৰত পিছপৰি থকা জিলাসমূহত শস্য উৎপাদন বৃদ্ধি কৰাই নহয়, বৰং কৃষকসকলৰ উপাৰ্জন বৃদ্ধিতো সহায়ক হ’ব। উল্লেখযোগ্য যে কেন্দ্রীয় মন্ত্রীসভাই কালি ২০২৫-২৬ বৰ্ষৰ বাবে ১০০ খন জিলাক সামৰি ছবছৰৰ বাবে প্রধানমন্ত্ৰী ধন-ধান্য কৃষি যোজনত অনুমোদন জনাইছে। এই আঁচনিৰ উদ্দেশ্য হৈছে কৃষিজাত উৎপাদন বৃদ্ধি কৰা, শস্যৰ বিবিধতা আৰু বহনক্ষম কৃষি পদ্ধতি বৃদ্ধি কৰা, পঞ্চায়ত আৰু খণ্ড পৰ্যায়ত শস্য চপোৱাৰ পাছত উৎপাদিত সামগ্ৰী মজুতকৰণ ব্যৱস্থা তথা জলসিঞ্চন ব্যৱস্থা উন্নীত কৰা আৰু ঋণ লোৱাৰ ব্যৱস্থা সৰল কৰা। প্রধানমন্ত্ৰী ধন-ধান্য কৃষি যোজনাৰ অধীনত ১০০ খন জিলাৰ বিকাশৰ উদ্দেশ্যে ২০২৫-২৬ বৰ্ষৰ বাজেট প্ৰস্তাৱৰ অংশ হিচাপে এই আঁচনি ঘোষণা কৰা হৈছিল। বৰ্তমানে ১১ টা বিভাগত ৰূপায়ণ হৈ থকা ৩৬ খন আঁচনিৰ লগতে অন্যান্য ৰাজ্যিক পৰ্যায়ৰ আঁচনি আৰু ব্যক্তিগত খণ্ডৰ সৈতে স্থানীয় অংশীদাৰিত্ব থকা আঁচনিৰ সৈতে একত্ৰিত কৰি এই আঁচনিখন ৰূপায়ণ কৰা হ’ব। এই আঁচনিৰ বাবে নিম্ন মানৰ উৎপাদন, একেডোখৰ কৃষি ভূমিতে শস্য ৰোপণৰ ক্ষমতা হ্ৰাস আৰু কম পৰিমাণৰ ঋণ বিতৰণ- এই তিনিটা মূল বিষয়ৰ আধাৰত জিলাসমূহ চিনাক্ত কৰা হ’ব। এই আঁচনিয়ে দেশৰ ১ কোটি ৭০ লাখ কৃষকক সহায় কৰিব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে নৱীকৰণযোগ্য শক্তি, ক্ষমতা শক্তিশালী কৰাত ভাৰতৰ প্ৰয়াসত এই আঁচনিয়ে যথেষ্ট অৰিহণা আগবঢ়াব ।
দেশৰ কৃষকসকলৰ জীৱনলৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন অনাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
