অহা সোমবাৰৰ সংসদৰ বৰ্ষাকালীন অধিৱেশন, কাইলৈ সর্বদলীয় বৈঠক

অহা সোমবাৰৰ পৰা হ’বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে চৰকাৰে কাইলৈ এখন সর্বদলীয় বৈঠকৰ আহ্বান কৰিছে। বৈঠকত চৰকাৰে সংসদৰ উভয় সদনৰ কাম-কাজ সুচাৰুৰূপে চলাই নিয়াৰ বাবে সকলো ৰাজনৈতিক দলৰ সহযোগিতা কামনা কৰিব। সংসদৰ বৰ্ষাকালীন অধিৱেশন অহা ২১ জুলাইত আৰম্ভ হ’ব আৰু ২১ আগষ্টত অন্ত পৰিব। এই অধিৱেশনৰ সময়ছোৱাত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়কক লৈ সদনত আলোচনা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।