ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 31, 2025 8:33 PM | Cabinet

printer

প্রধানমন্ত্রী কিষাণ সম্পদা যোজনাৰ বাবে মুঠ ৬,৫২০ কোটি টকাৰ অনুমোদন কেন্দ্রীয় মন্ত্রীসভাৰ

কেন্দ্রীয় মন্ত্রীসভাই পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত ৰূপায়ণ হৈ থকা কেন্দ্রীয় আঁচনি প্রধানমন্ত্রী কিষাণ সম্পদা যোজনাৰ বাবে অতিৰিক্ত এহেজাৰ ৯২০ কোটি টকাকে ধৰি মুঠ ছহেজাৰ ৫২০ কোটি টকাৰ অনুমোদন দিছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে অনুমোদন জনোৱা এই ধনৰাশিৰে সংহত শীতলীকৰণ আৰু মূল্য সংযোজিত আন্তঃগাঁথনিৰ অধীনত এহেজাৰ কোটি টকা ব্যয় সাপেক্ষ ৫০ টা বিভিন্ন খাদ্য সামগ্ৰীৰ প্ৰসংস্কৰণ গোট নিৰ্মাণ কৰা হ’ব। খাদ্য সুৰক্ষা আৰু মানদণ্ড নিশ্চিত আন্তঃগাঁথনিৰ অধীনত ১০০ টা খাদ্য-সামগ্ৰীৰ পৰীক্ষাগাৰো স্থাপন কৰা হ’ব। প্রধানমন্ত্রী কিষাণ সম্পদা যোজনাৰ অধীনত ৯২০ কোটি টকা ব্যয় সাপেক্ষ বিভিন্ন আঁচনিও ৰূপায়ণ কৰা হ’ব। শীতলীকৰণ ভঁৰালৰ শ্ৰেণী আৰু মূল্য সংযোজিত আন্তঃগাঁথনিয়ে এই আঁচনি ৰূপায়ণ অধিক ত্বৰান্বিত কৰিব। এনে আন্তঃগাঁথনিৰ বাবে আগ্রহী সমগ্ৰ দেশৰ যোগ্য প্রতিষ্ঠানসমূহক ইয়াৰ বাবে প্ৰস্তাৱ দাখিল কৰিবলৈ আহ্বান জনোৱা হৈছে। চৰকাৰী নীতি- নিৰ্দেশনাৰ অধীনত প্ৰস্তাৱ দাখিল কৰাসকলৰ মাজৰ পৰা বাছনি কৰি যোগ্য প্রতিষ্ঠনসমূহক অনুমোদন জনোৱা হ’ব। শ্লোগান আদি দিবলৈ আৰম্ভ কৰে। কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যসভাৰ নেতা জে পি নাড্ডাই কালি সদনত গৃহ মন্ত্ৰী অমিত শ্বাহে অপাৰেচন সিন্দূৰ সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰ দি থকাৰ সময়ত বিৰোধীয়ে সৃষ্টি কৰা পৰিৱেশৰ সমালোচনা কৰে ৷

পূৰ্বে দিনৰ ১১ বজাত ৰাজ্যসভা মিলিত হোৱাৰ সময়ত সদনে নিছাৰ উপগ্ৰহৰ সফল উৎক্ষেপণৰ বাবে বিজ্ঞানীসকলক অভিনন্দন জনায়। ইয়াৰ পাছত ৰাজ্যসভাৰ উপ-সভাপতি হৰিবংশে শূণ্য কাল চলাই নিবলৈ চেষ্টা চলায় যদিও বিৰোধীয়ে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সদনৰ কাম-কাজ দিনৰ ১২ বজা পৰ্য্যন্ত ঘোষণা কৰে।