November 20, 2025 12:20 PM | governor dhmaji

printer

সদৌ অসম সত্ৰ মহাসভাৰ ৰূপালী জয়ন্তী বর্ষ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য ধেমাজিত উপস্থিত

সদৌ অসম সত্ৰ মহাসভাৰ ৰূপালী জয়ন্তী বর্ষ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি পুৱা ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য ধেমাজিত উপস্থিত হয়। পুৱা ৰেলযোগে ধেমাজি বেল ষ্টেচনত উপস্থিত হোৱা ৰাজ্যপালগৰাকীক আৰক্ষী প্ৰশাসন আৰু বিজেপিৰ দলীয় কৰ্মকর্তাসকলে আদৰণি জনায়। ৰাজ্যপালগৰাকীয়ে সদৌ অসম সত্ৰ মহাসভাৰ ৰূপালী জয়ন্তী বর্ষ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব। শ্রী আচাৰ্য্যই আজি পুৱা ধেমাজি জিলা আয়ুক্তৰ কাৰ্যালয় পৰিদৰ্শন কৰাৰ লগতে ধেমাজিৰ জীয়াঢলত জলসম্পদ বিভাগে নিৰ্মাণ কৰা মথাউৰি পৰিদৰ্শন কৰে। ইয়াৰ পাছত তেওঁ ধেমাজিৰ ৰাজহুৱা প্রেক্ষাগৃহত সদৌ অসম সত্ৰ মহাসভাৰ কাৰ্যসূচীত অংশগ্রহণ কৰিব।