দেশত ৪খন নতুন শ্রম বিধিৰ কাৰ্যকৰীকৰণৰ কথা ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে আজি দেশৰ শতিকাপুৰণি শ্রম আইনৰ সৰলীকৰণৰ উদ্দেশ্যে চাৰিখন নতুন শ্রম বিধিৰ কাৰ্যকৰীকৰণৰ কথা ঘোষণা কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত শ্ৰম আৰু নিয়োগ মন্ত্রী ড০ মনসুখ মাণ্ডাভিয়াই কয় যে এই নতুন শ্রম বিধিয়ে দেশৰ কৰ্মশক্তিৰ কল্যাণৰ লগতে উপযুক্ত মজুৰি সুৰক্ষা তথা সামাজিক নিৰাপত্তা নিশ্চিত কৰিব। মজুৰি বিধি ২০১৯, ঔদ্যোগিক সম্পর্ক বিধি ২০২০, সামাজিক নিৰাপত্তা বিধি ২০২০ আৰু জীৱিকাৰ সুৰক্ষা, স্বাস্থ্য আৰু কৰ্মপৰিবেশ বিধি ২০২০ আজিৰে পৰা কাৰ্যকৰী হৈছে। ড০ মাণ্ডাভিয়াই কয় যে এই সংস্কাৰসমূহ কেৱল সাধাৰণ পৰিৱৰ্তন নহয়, বৰঞ্চ দেশৰ প্ৰতিগৰাকী শ্ৰমিকৰ মৰ্যাদা ৰক্ষাৰ বাবে চৰকাৰৰ নিশ্চিতি। শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে যোৱা দশকটোত দেশে ২০১৫ চনৰ ১৯ শতাংশ কর্মশক্তিৰ পৰা চলিত বৰ্ষত ৬৪ শতাংশতকৈও অধিক কর্মশক্তিলৈ সামাজিক নিৰাপত্তাৰ প্ৰসাৰ ঘটাইছে। এই নতুন শ্রম বিধি চাৰিখন এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হ’ব বুলি মন্ত্ৰালয়ে প্রকাশ কৰিছে। এই বিধিকেইখনে সকলো শ্রমিককে সময় মতে ন্যূনতম মজুৰি আদায় দিয়া যুৱক-যুৱতীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা, মহিলাক সন্মান তথা সমান হাৰত মজুৰি দিয়া, ৪০ কোটি শ্রমিক বাবে সামাজিক নিৰাপত্তাৰ ব্যৱস্থা কৰা, এটা নিৰ্দিষ্ট কালৰ বাবে চাকৰিত মকৰল কৰাসকলক চাকৰি কাল এবছৰ সম্পূৰ্ণ হ’লে গ্রেচ্যুইটি প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে। ইয়াৰ লগতে ৪০ বছৰ উৰ্ধৰ কৰ্মচাৰীসকলৰ বিনামূলীয়াকৈ প্ৰতিবছৰে স্বাস্থ্য পৰীক্ষা কৰাৰ ওপৰঞ্চি কামৰ বাবে মজুৰিৰ ব্যৱস্থা, বিপজ্জনক কামত নিয়োজিত শ্রমিকৰ বাবে সম্পূৰ্ণ স্বাস্থ্য সুৰক্ষাৰ ব্যৱস্থা কৰা আৰু সকলো শ্রমিককে আন্তঃৰাষ্ট্ৰীয় মানৰ সামাজিক ন্যায়ৰ নিশ্চিতি দিয়াৰ কথাও এই সংস্কাৰত সামৰি লোৱা হৈছে।