ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

নুমলীগড়ত খাদ্যৰ সন্ধানত বনৰীয়া হাতীৰ বিচৰণৰ ফলত জনসাধাৰণৰ মাজত আতংক

গোলাঘাট জিলাৰ নুমলীগড়ত খাদ্যৰ সন্ধানত বনৰীয়া হাতীৰ জাকে বিচৰণ কৰাৰ ফলত জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি হৈছে। হাতীৰ জাকটোৱে দিনৰ ভাগতে ৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ লেটেকুজান চাহ বাগিচা, দৈগ্ৰোং চাহ বাগিচা আদিৰ মাজেৰে বিচৰণ কৰাৰ লগতে সন্ধিয়াৰ ভাগত কাষৰীয়া গাঁওসমূহত প্ৰৱেশ কৰি বাসগৃহ আৰু খেতিপথাৰত উপদ্ৰৱ চলাই আহিছে। ইয়াৰ ফলত ভালেসংখ্যক বাসগৃহৰ ক্ষতি হোৱাৰ লগতে খেতিপথাৰৰ শস্য হাতীৰ জাকটোৱে তহিলং কৰিছে। অঞ্চলটোৰ ৰাইজে শীঘ্ৰে বন বিভাগক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে।