ডাউনলোড
মোবাইল এপ

android apple
signal

September 6, 2025 7:30 PM | golaghat pm

printer

গোলাঘাটৰ নুমলীগড়ত ১৪ ছেপ্টেম্বৰত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্রকল্প

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৪ ছেপ্তেম্বৰত গোলাঘাট জিলাৰ নুমলীগড়ত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্রকল্প উদ্বোধন কৰিব। নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষৰ লগতে গোলাঘাট প্রশাসনে প্রধানমন্ত্ৰীগৰাকীৰ আগমনক লৈ ব্যাপক প্রস্তুতি চলাইছে। গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী ৰূপেশ গোৱালাই আজি এই প্ৰস্তুতিৰ বুজ লয়। মন্ত্ৰীগৰাকীৰ লগতে অসম পৰ্যটন উন্নয়ন বোর্ডৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, প্ৰাক্তন সাংসদ তপন গগৈ, অসম আৰক্ষীৰ আইন শৃংখলা শাখাৰ মহা পৰিদৰ্শক অখিলেশ কুমাৰ সিং, গোলাঘাট জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙকে ধৰি জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে। মন্ত্রী শ্রীগোৱালাই কয়, যে এই প্রকল্পই বাঁহ খেতিয়কসকলক লাভান্বিত কৰাৰ লগতে গ্রাম্য অর্থনীতি অধিক শক্তিশালী কৰিব। উল্লেখযোগ্য যে নুমলীগড় শোধানাগাৰৰ ৫০ শতাংশ অংশীদাৰিত্বৰে এই প্ৰকল্পটো নিৰ্মাণ কৰা হৈছে। ইয়াৰ পৰা প্ৰতি বছৰে ৫০ হাজাৰ টন ইথানল, ১৮ হাজাৰ টন ফার্ফিউৰেল আৰু ১১ হাজাৰ টন এচিটিক এছিড উৎপাদন কৰা হ’ব। অৱশিষ্ট লীগনিনৰ পৰা ২৫ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব পৰা যাব বুলি জৈৱ ইথানল প্ৰকল্পৰ পৰিচালন সঞ্চালক ভাস্কৰ জ্যোতি ফুকনে ইতিমধ্যে জানিবলৈ দিছে। ইয়াৰ লগতে তৰল কাৰ্বন ডাই অক্সাইড উৎপাদন কৰা হ’ব। উল্লেখযোগ্য যে, প্রধানমন্ত্রী মোদীয়ে এই প্রকল্প উদ্বোধন কৰাৰ লগতে নুমলীগড় শোধানাগাৰত নিৰ্মাণ হ’ব লগা প’লিপ্রপিলিন ইউনিটৰো আধাৰশিলা স্থাপন কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।