গোলাঘাটত আয়োজিত অসম নেপালী সাহিত্য সভাৰ অধিৱেশনত মুখ্যমন্ত্ৰীক ‘কৰ্মযোগী’ উপাধি প্ৰদান

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আজি গোলাঘাট জিলাৰ সৰুপথাৰত আয়োজিত অসম নেপালী সাহিত্য সভাৰ অধিৱেশন আৰু সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত অসম নেপালী সাহিত্য সভাই মুখ্যমন্ত্রীক ‘কর্মযোগী’ উপাধি প্ৰদান কৰে। শিৱাজী ৰায় সমন্বয় ক্ষেত্ৰত আয়োজিত এই কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে নেপাল, ভূটান আৰু ছিকিমৰ ভালেকেইগৰাকী প্ৰতিনিধিয়ে অংশ লয়।