গোলাঘাট জিলাৰ বিভিন্ন স্থানত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ধনশিৰি নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বাঢ়ি অহা পৰিলক্ষিত হৈছে। ধনশিৰি নৈৰ বাঢ়নী পানীয়ে ইতিমধ্যে সৰুপথাৰ, বৰপথাৰ, নুমলীগড়, খুমটাই, মৰঙি আদি অঞ্চলৰ দুকুৰিৰো অধিক গাঁও প্লাৱিত কৰিছে। সৰুপথাৰ সমজিলাৰ অন্তৰ্গত নাওজান কৈৰী গাঁও, চেৱাগুৰি, শিঙিমাৰী, শিমলুচাপৰি আদি অঞ্চল বানে প্লাৱিত কৰাৰ ফলত ৰাইজে ঘৰ এৰি মথাউৰিত আশ্ৰয় ল’বলগীয়া হৈছে। বানাক্রান্ত লোকসকলে ইতিমধ্যে জিলা প্রশাসনে ব্যৱস্থা কৰি দিয়া শিবিৰত আশ্ৰয় গ্ৰহণ কৰাৰ লগতে পশুধনসমূহকো নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিছে। ইফালে খুমটাই বিধানসভা সমষ্টিৰ মৰঙি ৰাজহ চক্ৰৰ অধীনত কুৰিখনৰো অধিক গাঁৱত ধনশিৰি নৈৰ বাঢ়নি পানীয়ে আতংকৰ সৃষ্টি কৰিছে। ধনশিৰি নৈৰ দাঁতিকাষৰীয়া মইনাপাৰা, কাঠকটীয়া, কুৰুকা, শালমৰা গ্ৰাণ্ট, ঢুলিয়াগাঁও, দুখুতিমুখ, তিনি নম্বৰ ভোলাগুৰি, কৈৱর্তগাঁও, চেচামুখ, কৰদৈগুৰি, কেন্দুগুৰি আদি গাঁৱত বৃদ্ধি হোৱা ধনশিৰি নৈৰ বাঢ়নি পানীয়ে পথ আৰু ঘৰৰ ভেটি বুৰাই পেলাইছে। ইয়াৰ উপৰি শালিখেতিৰ লগতে বিভিন্ন শাক-পাচলিৰ খেতি বাঢ়নী পানীয়ে বুৰাই পেলোৱাত কৃষক ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। জিলা প্ৰশাসনৰ তৰফৰ পৰা উদ্ধাৰ অভিযান অব্যাহত আছে ।
Site Admin | July 7, 2025 1:49 PM | golaghat flood
গোলাঘাটত ধনশিৰি নৈৰ বাঢ়নী পানীত দুকুৰিৰো অধিক গাঁও প্লাৱিত
