গোলাঘাট জিলাৰ বোকাখাতত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ আৰম্ভ

গোলাঘাট জিলাৰ বোকাখাতত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ ২০২৪ আৰম্ভ হৈছে। শিশু বিজ্ঞান সমিতি, অসমৰ উদ্যোগত আৰু বোকাখাত জাতীয় বিদ্যালয়ৰ সহযোগত এই সমাৰোহ অনুষ্ঠিত হৈছে। শিশুসকলৰ মনৰ পৰা অন্ধবিশ্বাস দূৰ কৰি বৈজ্ঞানিক মানসিকতা গঢ় দিয়াৰ উদ্দেশ্যৰে এই সমাৰোহৰ আয়োজন কৰা হৈছে। আজি প্ৰথম দিনাৰ কাৰ্যসূচীত পুৱা পতাকা উত্তোলন, স্মৃতিতর্পণ আৰু প্ৰদৰ্শনী মুকলিৰ পাছতে সমাৰোহৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। উদ্বোধনী অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড০ ভৱেশ চন্দ্র গোস্বামী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত শিশু বিজ্ঞান সমাৰোহত আঠখন জিলাৰ ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ প্ৰায় ১০০গৰাকী ছাত্ৰ-ছাত্ৰীৰ লগতে বোকাখাত মহকুমাৰ ৩৫খনৰো অধিক বিদ্যালয়ৰ ২৫০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।