ডাউনলোড
মোবাইল এপ

android apple
signal

August 7, 2025 12:43 PM | Golaghat

printer

মেৰাপানী সীমান্তৰ ২ নম্বৰ নেঘেৰীবিলত কাইলৈ পুৱাৰে পৰা উচ্ছেদ অভিযান

গোলাঘাট জিলা প্ৰশাসন আৰু বন বিভাগ কাইলৈ পুৱাৰে পৰা মেৰাপানী সীমান্তৰ ২ নম্বৰ নেঘেৰীবিলত উচ্ছেদ চলাব। আৰক্ষী, বন বিভাগৰ লোকে কালি অঞ্চলটোৰ পৰিস্থিতি নিৰীক্ষণ কৰে। কালি প্ৰশাসনৰ তৰফৰ পৰা ২ নম্বৰ নেঘেৰীবিল অঞ্চল খালী কৰাৰ বাবে অন্তিমবাৰৰ বাবে অবৈধ দখলকাৰীসকলক মাইকযোগে জাননী জাৰি কৰা হয়। উল্লেখযোগ্য যে, নেঘেৰীবিলত উচ্ছেদ হবলগীয়া ২০৫টা পৰিয়ালৰ ভিতৰত ৭৪টা পৰিয়ালৰ লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে দৈয়াং বনাঞ্চলৰ নেঘেৰীবিলৰ ৫৯টা আৰু নামবৰ বনাঞ্চলত ১৫টা পৰিয়াললৈ সাময়িকভাৱে সকাহ দিয়ে আৰু পৰিয়ালকেইটাৰ বাবে উচ্ছেদৰ সয়সীমা ১৪ আগষ্টলৈ বৃদ্ধি কৰে।

ইপিনে, উত্তৰ-পূব ছাত্ৰ সংগঠন অৰ্থাৎ নেছৱে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ পৰা অবৈধ বাংলাদেশী নাগৰিকক বহিষ্কাৰৰ দাবী জনোৱাৰ লগতে ৰাজ্য চৰকাৰৰ উচ্ছেদ অভিযানলৈ সমৰ্থন আগবঢ়াইছে। কালি গুৱাহাটীত অনুষ্ঠিত সংগঠনটোৰ কাৰ্যনিৰ্বাহক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনত জনসংখ্যা বৃদ্ধিৰ কাৰণ বিচাৰি উলিয়াবলৈ নেছৱে আটাইকেইখন ৰাজ্যৰ চৰকাৰক বিশেষ পৰ্যালোচনা সমিতি গঠন কৰিবলৈ দাবী জনাব। বৈঠকৰ পাছত হোৱা সংবাদমেলত নেছৰ উপদেষ্টা ড সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অসমৰ লগতে উত্তৰ-পূবৰ অন্যান্য ৰাজ্যত বনভূমিত উচ্ছেদ হ’ব লাগে বুলি উল্লেখ কৰি থলুৱা লোকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আহ্বান জনায়।