July 5, 2025 7:15 PM | Golaghat

printer

গোলাঘাট জিলাৰ মেৰাপানীত বুজন পৰিমাণৰ বিদেশী চিগাৰেট জব্দ

চি আৰ পি এফৰ এটা দলে আজি গোলাঘাট জিলাৰ মেৰাপানী সীমান্তত অভিযান চলাই বুজন পৰিমাণৰ বিদেশী চিগাৰেট জব্দ কৰে। চিগাৰেটখিনি নাগালেণ্ডৰ পৰা এখন ট্রাকযোগে গোলাঘাটলৈ সৰবৰাহ কৰা হৈছিল। চিগাৰেটখিনিৰ বজাৰ মূল্য ২০ লাখ টকাৰো অধিক হ’ব বুলি অনুমান কৰা হৈছে। চি আৰ পি এফে ঘটনা সংক্রান্তত ট্রাকখনৰ চালক বাবাতু গগৈক আটক কৰিছে। চালকজনক ইতিমধ্যে মেৰাপানী আৰক্ষীক গতাই দিয়া হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।