ডাউনলোড
মোবাইল এপ

android apple
signal

June 10, 2025 1:09 PM | Golaghat

printer

গোলাঘাট আইন মহাবিদ্যালয়ত ৫ বছৰীয়া আইন পাঠ্যক্ৰম আৰম্ভ

গোলাঘাট আইন মহাবিদ্যালয়ত ৫ বছৰীয়া আইন পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে। ১৯৭৯ চনত গোলাঘাট নগৰৰ বেঙেনাখোৱাত স্থাপন কৰা আইন শিক্ষাৰ একমাত্ৰ শিক্ষানুষ্ঠানখনত এইবছৰৰ পৰা ৫ বছৰীয়া আইনী পাঠ্যক্ৰমৰ সংযোজনে ছাত্ৰ-ছাত্ৰীসকলক উপকৃত কৰিব বুলি আশা কৰা হৈছে। শেহতীয়াকৈ বাৰ কাউঞ্চিল অব্ ইণ্ডিয়াই ৫ বছৰীয়া আইন স্নাতক পাঠ্যক্ৰমত অনুমোদন জনোৱা কাৰ্যক মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগতে ছাত্র-ছাত্রী, শিক্ষক-শিক্ষয়িত্ৰী আৰু গোলাঘাটবাসী উৎফুল্লিত হৈ পৰিছে।

অধিক পঢ়ক

সকলো চাওক