November 1, 2025 12:12 PM | Golaghat

printer

গোলাঘাটত দ্বিতীয় শ্রীমন্ত শংকৰদেৱ আন্তর্জাতিক সম্মিলনৰ শুভাৰম্ভ

স্বেচ্ছাসেৱী সংগঠন ছ’চিয়েল ডেভলপমেন্ট ফ’ৰামৰ উদ্যোগত গোলাঘাটৰ দেওপাহাৰ সংৰক্ষিত বনাঞ্চলৰ সমীপত আৰু সতী সাধনী কলাক্ষেত্রত অনুষ্ঠিত দ্বিতীয় শ্রীমন্ত শংকৰদেৱ আন্তর্জাতিক সম্মিলনৰ কালি শুভাৰম্ভ কৰা হয়। এই সন্মিলনত সমাজ সংস্কাৰক হিচাপে শংকৰদেৱৰ কৰ্মাৱলীক মূল বিষয় হিচাপে লৈ জলবায়ু পৰিৱৰ্তন, যুৱ আৰু পৰ্যটন উন্নয়ন আদি সন্দর্ভত আলোচনা অনুষ্ঠিত হ’ব। চাৰিদিনীয়া এই সম্মিলনৰ কালি প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে দেওপাহাৰ বনাঞ্চলৰ বিপৰীতে থকা নুমলীগড় চাহ বাগিচাৰ মাজৰ বাক্সা পাহাৰৰ সেউজীয়াৰ মাজত জলবায়ু পৰিৱৰ্তন তথা গ্ল’বেল ৱার্মিং বিষয়ক চিত্রাংকণ অনুষ্ঠিত হয়। এই কার্যসূচী মুকলি কৰি প্ৰখ্যাত চিত্রশিল্পী ননী বৰপূজাৰীয়ে কয়, যে দেওপাহাৰৰ শৈল ভাস্কৰ্যৰ ভগ্নাৱশেষক সঠিক মঞ্চত তুলি ধৰিব পাৰিলে পৰ্যটন ক্ষেত্ৰত গোলাঘাটৰ নাম দেশে-বিদেশে বিয়পি পৰিব। এই চিত্রাংকন কার্যসূচীত স্থানীয় লোকৰ লগতে বিশ্বৰ ১৫ খন দেশৰ পৰা অহা দুকৰিৰো অধিক প্রতিনিধি আৰু দেশৰ বিভিন্ন ৰাজ্যৰ দুশৰো অধিক প্রতিনিধিয়ে অংশগ্ৰহণ কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত স্বেচ্ছাসেবী সংগঠনটোৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি বৰাই কয়, যে অসমীয়া জাতিটোক গঢ় দিয়া মূল খনিকৰ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শক বিশ্ববাসীৰ মাজলৈ লৈ যাবলৈ তেওঁলোকৰ সংগঠনে সদায়ে চেষ্টা কৰি আহিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।