June 30, 2025 12:05 PM | GOIstates

printer

চৰকাৰৰ গ’ আই ষ্টেটচ (GoIStats) নামৰ এটা মোবাইল এপ্লিকেচন মুকলি

চৰকাৰে গ’ আই ষ্টেটচ (GoIStats) নামৰ এটা মোবাইল এপ্লিকেচন মুকলি কৰিছে। এই এপটোৰ জৰিয়তে জনসাধাৰণে বিভিন্ন চৰকাৰী সেৱাৰ তথ্য সহজতে লাভ কৰিব পাৰিব। পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় নমুনা জৰীপ কাৰ্যালয়ৰ এই পদক্ষেপে চৰকাৰী পৰিসংখ্যাসমূহ সকলো নাগৰিকৰ বাবে সুলভ আৰু ব্যৱহাৰকাৰীকেন্দ্ৰিক কৰি তোলাৰ বাবে চৰকাৰে দিয়া প্ৰতিশ্ৰুতিক বাস্তবায়িত কৰিছে আৰু এক মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। GoIStats মোবাইল এপ্লিকেচনে ৰাষ্ট্ৰীয় নমুনা জৰীপ কাৰ্যালয়ে সৰ্বাংগীন তথ্য পৰিৱেশতন্ত্ৰ সৃষ্টি কৰাৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰিছে। এপটোত মুঠ ঘৰুৱা উৎপাদন, মুদ্রাস্ফীতি, আৰু নিয়োগ সম্পৰ্কীয় তথ্যকে ধৰি অনান্য সেৱা সম্বন্ধীয় তথ্যৰ লগতে গুৰুত্বপূৰ্ণ আৰ্থ-সামাজিক সূচকসমূহ প্ৰদৰ্শন কৰা ইন্টাৰেক্টিভ “কী ট্ৰেণ্ড” ডেচব’ৰ্ডৰ বৈশিষ্ট্য সন্নিৱিষ্ট কৰা হৈছে। বৰ্তমান এই মোবাইল এপ্লিকেচনটোৰ এণ্ড্ৰইড সংস্কৰণটো গুগল প্লে ষ্ট’ৰত বিনামূলীয়াকৈ উপলব্ধ। এপটোৰ ios সংস্কৰণ অতি সোনকালে মুকলি কৰা হ’ব বুলি জানিব পৰা গৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।