October 4, 2025 6:47 PM | goalpara zubeen

printer

গোৱালপাৰাত হিয়াৰ আমঠু জুবিন গাৰ্গৰ আত্মাৰ সদ্‌গতি কামনাৰে সর্বধর্ম প্রার্থনা

জুবিন গাৰ্গ স্মৃতি সমিতি গোৱালপাৰাৰ উদ্যোগত হিয়াৰ আমঠু জুবিন গাৰ্গৰ আত্মাৰ সদ্‌গতি কামনাৰে আজি গোৱালপাৰা চহৰৰ সংগম নাট্যগোষ্ঠী প্ৰাংগনত সর্বধর্ম প্রার্থনা সভা অনুষ্ঠিত হয়। পুৱা প্ৰভাত ফেৰীৰ পাছত জিলা আয়ুক্ত প্রদীপ টিমুঙে শ্রদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে। জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্তই জুবিন গাৰ্গ স্মৃতি গ্রন্থ উন্মোচন কৰে। অনুষ্ঠানত ভাগৱতপাঠ, কোৰাণ পাঠ, বাইবেল পাঠ, নাম-প্ৰসঙ্গৰ লগতে নাহৰ গছ ৰোপণ কৰা হয় ৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।