October 4, 2025 8:23 PM | goalpara rathyatra

printer

গোৱালপাৰা জিলাক নিচামুক্ত জিলা হিচাপে গঢ় দিবলৈ জিলা সমাজ কল্যাণ বিভাগৰ সজাগতা ৰথ যাত্ৰা

গোৱালপাৰা জিলাক নিচামুক্ত জিলা হিচাপে গঢ় দিবলৈ জিলা সমাজ কল্যাণ বিভাগে আজি সজাগতা ৰথ যাত্ৰাৰ শুভাৰম্ভ কৰে। জিলা আয়ুক্ত কাৰ্য্যালয়ৰ পৰা উলিওৱা সজাগতা ৰথ যাত্ৰাৰ পতাকা জোকাৰি জিলা আয়ুক্ত প্ৰদীপ টিমুং আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্তই মুকলি কৰে। এই কাৰ্য্যসূচীৰ জৰিয়তে জিলাখনৰ বিভিন্ন প্ৰান্তত নিচাযুক্ত দ্ৰব্য সেৱনৰ পৰা হ’ব পৰা বিপদৰ বিষয়ে ৰাইজক সজাগ কৰা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।