গোৱালপাৰাৰ দুধনৈত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয় ভৱন উদ্বোধন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গোৱালপাৰা জিলাৰ দুধনৈত কালি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কেইবাটাও কার্যসূচীত অংশগ্ৰহণ কৰে। ড° শৰ্মাই উদয়পুৰত সচিবালয় ভৱন উদ্বোধন কৰে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ প্ৰশাসনিক প্ৰয়োজনীয়তা আৰু সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই ভৱনটো নিৰ্মাণ কৰা হৈছে । মুখ্যমন্ত্ৰীয়ে লগতে ৰাভা জনগোষ্ঠীৰ বৰ্ণাঢ্য সংস্কৃতিক প্ৰতিফলিত কৰা এটা সংগ্রহালয়ো উদ্বোধন কৰে। ১ কোটি ৮০ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা এই সংগ্ৰহালয়ত ৰাভাসকলৰ শিল্প-কলা, পৰম্পৰাগত সাজ-পাৰ আদি সংৰক্ষণ কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে লগতে ৰাভা ৰজা বীৰ পৰশুৰামৰ সাহসিকতা আৰু দেশপ্ৰেমক সন্মান জনাই এটা ব্ৰঞ্জৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। ইয়াৰ জৰিয়তে বীৰ পৰশুৰামৰ আদৰ্শৰে নতুন প্রজন্ম অনুপ্রাণিত হ’ব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ কৰে। তেওঁ লগতে উদয়পুৰত ৫০খন বিছনাযুক্ত আয়ুর্বেদিক চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ বিভিন্ন সা-সুবিধাৰ বুজ লয়। মুখ্যমন্ত্রী ড° শৰ্মাই দুধনৈত আয়োজিত ৰাজহুৱা সভাত ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ উন্নয়নৰ হকে গ্ৰহণ কৰা ভালেমান পদক্ষেপৰ বিষয়ে ঘোষণা কৰে। ৰাজ্য চৰকাৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক বৈধতা প্ৰদানৰ বাবে কেন্দ্ৰলৈ প্ৰস্তাৱ দাখিল কৰি ত্রিপাক্ষিক চুক্তিৰ পোষকতা কৰাৰ কথা উল্লেখ কৰি ড° শৰ্মাই ৰাভা-হাছং জনগোষ্ঠীৰ সামাজিক, সাংস্কৃতিক, অর্থনৈতিক আৰু শৈক্ষিক অধিকাৰ সুৰক্ষিত কৰাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি দোহাৰে। জনগোষ্ঠীটোৰ সৰ্বাংগীন বিকাশৰ বাবে ৰাজ্য চৰকাৰ আৰু পৰিষদৰ মাজত সহযোগিতামূলক আলোচনাৰ বিষয়টো মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ পেগু, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী অশোক সিংহল আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাও উপস্থিত থাকে।