December 13, 2025 9:27 PM | goalpara bangala

printer

গোৱালপাৰা জিলাৰ চামাগুৰিত অনুষ্ঠিত চতুৰ্থ বাংগালা তথা উপদ বিল উৎসৱৰ সামৰণি

গোৱালপাৰা জিলাৰ চামাগুৰি গাঁৱত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত চতুৰ্থ বাংগালা তথা উপদ বিল উৎসৱৰ আজি সামৰণি পৰে। আজি নিশা ৱাংগালা নৃত্যৰ লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ পিছত এই উৎসৱৰ অন্ত পৰে। জিলাখনৰ অন্যতম পর্যটনস্থলী উপদ বিলৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ লগতে গাৰো জনগোষ্ঠীয় লোকসকলৰ কৃষিভিত্তিক উৎসৱ ৱাংগালাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হকে এই অনুষ্ঠানৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে মেঘালয়, নাগালেণ্ড আৰু অসমত বাস কৰা গাৰো সম্প্ৰদায়ৰ লোকসকলে বাংগালা উৎসৱ পালন কৰে। প্ৰতিবছৰে গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইত গাৰো জাতীয় পৰিষদৰ উদ্যোগত বিস্তৃত কাৰ্যসূচীৰে বাংগালা উৎসৱ পালন কৰা হয়। এইবেলিও গাৰো জাতীয় পৰিষদে জিলাখনত চতুৰ্থ বাৰৰ বাবে এই উৎসৱৰ আয়োজন কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।