ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 12, 2025 8:33 PM | Goalpara

printer

গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত প্ৰায় এহেজাৰ বিঘা ভূমি দখলমুক্ত প্ৰশাসনৰ

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পাইকান সংৰক্ষিত বনাঞ্চলত আজি বন বিভাগ আৰু প্ৰশাসনে বিদ্যাপাৰা, আশুডুবি আৰু বেতবাৰীত অভিযান চলাই প্ৰায় এহেজাৰ বিঘা ভূমি দখলমুক্ত কৰে আৰু এহেজাৰ ৮০টা পৰিয়ালক উচ্ছেদ কৰে। ২০২৪ চনৰ নৱেম্বৰ-ডিচেম্বৰত পৰিয়ালকেইটাক সেই ঠাই খালী কৰাৰ কাৰণে জাননী জাৰি কৰা হৈছিল। জাননী পোৱাৰ পাছত ৮০ শতাংশ পৰিয়ালে নিজে নিজে সেই ঠাই ত্যাগ কৰিছিল যদিও বাকী পৰিয়ালসমূহক আজি উচ্ছেদ কৰা হয়।

উচ্ছেদ অভিযানৰ সময়ত যাতে কোনো ধৰণৰ বিশৃংখল পৰিস্থিতিৰ উদ্ভৱ নহয়, তাৰ বাবে অঞ্চলটোত ভালেসংখ্যক আৰক্ষী আৰু বনকৰ্মী নিয়োগ কৰা হৈছে। উচ্ছেদৰ সময়ত বিধায়ক ৰফিকুল ইছলামৰ নেতৃত্বত এ আই ইউ ডি এফৰ বিধায়কৰ এটি আঠজনীয়া উচ্ছেদথলী প্ৰবেশৰ চেষ্টা চলায় যদিও আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰে। ইয়াৰ পাছত বিধায়ককেইগৰাকীয়ে উচ্ছেদস্থলীৰ প্ৰৱেশ পথত প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজৰ দল আৰু আম আদমী পার্টীয়েও উচ্ছেদৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

উচ্ছেদ অভিযান সন্দৰ্ভত প্রতিক্রিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কয় যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশ থকা দিশসমূহ বিবেচনা কৰিহে উচ্ছেদ অভিযানৰ বাবে ৰাজ্য চৰকাৰে আগবাঢ়িছে। এই ক্ষেত্ৰত ৰাজনীতি কৰিব বিচৰাসকলৰ কথাক মান্যতা প্ৰদানৰ বিষয়টো অপ্ৰাসংগিক বুলি তেওঁ মন্তব্য কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।