ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 20, 2025 6:20 PM | Goalpara

printer

আজি ৰাজ্যৰ বিভিন্ন জিলাত বিশ্ব মুখগহবৰৰ স্বাস্থ্য দিৱস পালন

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে হাতত লোৱা ৰাষ্ট্ৰীয় মুখগহবৰৰ স্বাস্থ্য কাৰ্যসূচীৰ অধীনত আজি ৰাজ্যৰ বিভিন্ন জিলাত বিশ্ব মুখগহবৰৰ স্বাস্থ্য দিৱস পালন কৰা হৈছে। এই উপলক্ষে গোৱালপাৰা জিলাৰ অসামৰিক চিকিৎসালয়ত এখন সজাগতা সভাৰ আয়োজন কৰা হয়। চিকিৎসালয়খনৰ অধীক্ষক ডাঃ চিত্তৰঞ্জন হাজৰিকা আৰু উপ-অধীক্ষক ডাঃ অঞ্জনা দাসৰ উপস্থিতিত অনুষ্ঠিত সভাখনত দাঁতৰ যত্নৰ প্ৰয়োজনয়ীতা, মুখগহবৰৰ যতন ইত্যাদি বিষয়ত বক্তব্য প্ৰদান কৰা হয়। ইয়াৰ লগতে জিলাখনত মাহজোৰা কাৰ্যসূচীৰে সজাগতা সভা আৰু দাঁতৰ স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হ’ব বুলি জিলা ন’ডেল বিষয়া ডাঃ নাজনীন চুলতানাই জানিবলৈ দিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।