কেন্দ্ৰীয় মন্ত্রী জ্যোতিৰাদিত্য সিন্দিয়াই আজি মধ্যপ্ৰদেশৰ মুখ্যমন্ত্রী মোহন যাদৱৰ সৈতে যুটীয়াভাৱে গোৱালিয়ৰ-বাংগালুৰু এক্সপ্ৰেছ ৰে’লৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। ৰে’লখনে গোৱালিয়ৰৰ পৰা প্ৰতি শুকুৰবাৰে আৰু বেংগালুৰুৰ পৰা দেওবাৰে চলাচল কৰিব। বেংগালুৰুৰ পৰা অহা ২৯ জুনত আৰু গোৱালিয়ৰৰ পৰা ৪ জুলাইত ৰে’লখনৰ নিয়মীয়া সেৱা আৰম্ভ হ’ব। ৰেলমন্ত্রী অশ্বিনী বৈষ্ণৱে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে ৰে’ল দুখনৰ যাত্ৰাৰ শুভাৰম্ভ অনুষ্ঠানত ভাষণ দি কয়, যে এই ৰে’লখনে গুনা, গোৱালিয়ৰ, ভূপালৰ ৰাইজক উপকৃত কৰিব।
Site Admin | June 26, 2025 9:42 PM | goalior bengaluru express rail
গোৱালিয়ৰ-বাংগালুৰু এক্সপ্ৰেছ ৰে’লৰ যাত্ৰাৰ শুভাৰম্ভ