January 24, 2026 12:01 PM | Goa

printer

গোৱাত অহা ২৭ৰ পৰা ৩০ জানুৱাৰীলৈকে ভাৰত শক্তি সপ্তাহৰ চতুৰ্থ সংস্কৰণ আৰম্ভ

গোৱাত অহা ২৭ৰ পৰা ৩০ জানুৱাৰীলৈকে ভাৰত শক্তি সপ্তাহৰ চতুৰ্থ সংস্কৰণ আৰম্ভ হ’ব। নতুন দিল্লীত আজি এই কার্যসূচী সন্দর্ভত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত পেট্রলিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রী হৰদ্বীপ সিং পুৰীয়ে কয়, যে এই শক্তি সম্মিলনে শক্তি সুৰক্ষা, অর্থনৈতিক আৰু স্থায়ী বিকাশ সন্দৰ্ভত ভাৰতৰ প্রতিশ্রুতিবদ্ধতাক প্রতিফলিত কৰে। এই অনুষ্ঠানত ৭৫ হাজাৰতকৈও অধিক প্রতিনিধিয়েও ভাগ লোৱাৰ সম্ভাৱনা আছে।

তেওঁ কয়, যে মাত্র ৪ বছৰতে ভাৰত শক্তি সপ্তাহে গোলকীয় শক্তি খণ্ডত এটা অনন্য স্থান লাভ কৰিবলৈ সমর্থ হৈছে। সন্মিলনত কানাডা, আৰৱ, আমিৰি ৰাষ্ট, হুডান, জিম্বাব’বে, ট্রিনিডাত, টোবাগো, ওমান আৰু ব্রুনেইকে ধৰি ১৭ খন ৰাষ্ট্ৰৰ মন্ত্ৰী আৰু উপ-মন্ত্রীয়ে অংশগ্রহণ কৰিব। শ্রীপুৰীয়ে লগতে কয়, যে সম্মিলনৰ মূল কাৰ্যসূচীৰ সমান্তৰালভাৱে অনান্য বিভিন্ন কাৰ্যসূচী আৰু আলোচনা অনুষ্ঠিত হ’ব। ইয়াৰ ভিতৰত প্ৰধানমন্ত্ৰীৰ নৱম ঘূৰণীয়া মেজমেল অন্যতম। এই ঘূৰণীয়া মেজমেলত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ বিভিন্ন প্ৰান্তৰ মুখ্য কাৰ্যবাহী বিষয়া, দেশৰ আগশাৰীৰ শক্তি আৰু প্ৰযুক্তি কোম্পানীসমূহৰ নেতাসকলৰ সৈতে মত বিনিময় কৰিব।