দেশত যক্ষ্মা ৰোগত আক্ৰান্ত আৰু এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা হ্ৰাস কৰাৰ উদ্দেশ্যে দেশজুৰি কেন্দ্ৰীয় চৰকাৰে যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে এশদিনীয়া কাৰ্যসূচী গ্ৰহণ কৰিছে। সেই অনুসৰি ৰাজ্যজুৰি যক্ষ্মা নির্মূল অভিযানৰ আজি শুভাৰম্ভ কৰা হ’ব। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল প্রেক্ষাগৃহত আজি অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য উপস্থিত থকাৰ লগতে বিধায়ক সিদ্ধার্থ ভট্টাচাৰ্য, ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু অতুল বৰাইও অনুষ্ঠানত অংশগ্রহণ কৰিব। এই অভিযানৰ অধীনত ৰাজ্যৰ ১৭ খন জিলাক অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে, কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই যক্ষ্মা ৰোগ আৰু ইয়াৰ ফলত হোৱা মৃত্যু ৰোধ কৰাৰ উদ্দেশ্যে আজি হাৰিয়ানাৰ পঞ্চকুলৰ পৰা ১০০ দিনীয়া যক্ষ্মা নির্মূলকৰণ অভিযান আৰম্ভ কৰিব। হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং আৰু স্বাস্থ্যমন্ত্ৰী আৰতি সিং ৰাও এই অনুষ্ঠানত উপস্থিত থাকিব। দেশ ৩৩ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩৪৭ খন জিলাত এই অভিযান ৰূপায়ণ কৰা হ’ব। অভিযানৰ সময়ছোৱাত যক্ষ্মা ৰোগৰ চিনাক্তকৰণ, চিকিৎসাত হোৱা বিলম্ব হ্ৰাস কৰা আৰু বিশেষকৈ অধিক বিপদৰ আশংকা থকা ব্যক্তিৰ চিকিৎসাত গুৰুত্ব আৰোপ কৰা হ’ব।
Site Admin | December 7, 2024 12:44 PM | gmch tb avijan
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল প্রেক্ষাগৃহত আজি যক্ষ্মা নির্মূল অভিযানৰ শুভাৰম্ভণি অনুষ্ঠান
