ডাউনলোড
মোবাইল এপ

android apple
signal

GMCHত নৱজাতকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত তদন্তৰ বাবে মুখ্যমন্ত্ৰীৰ ৩ জনীয়া সমিতি গঠন

■ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নৱজাতকৰ বাবে থকা আই চি ইউত কালি এটি নৱজাতকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত তদন্তৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তিনিজনীয়া সমিতি গঠন কৰি দিছে। ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ছুইটি চাংচন, চিকিৎসা শিক্ষা বিভাগৰ সঞ্চালক আৰু এইমছৰ বিশেষজ্ঞ চিকিৎসকক লৈ এই সমিতিখন গঠন কৰা হৈছে। সমিতিয়ে অহা ৩-৪ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। এই ঘটনাৰ সময়ত দায়িত্বত থকা নাৰ্ছগৰাকীক ৰাজ্য চৰকাৰে ইতিমধ্যে নিলম্বনৰ নিৰ্দেশ দিছে আৰু চিচিটিভি ফুটেজ চাই নিৰপেক্ষভাৱে ঘটনাৰ তদন্ত কৰা হ’ব। কালি মুখ্যমন্ত্ৰী ড০ শৰ্মাই চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ নৱজাতকৰ বিশেষ যতন কক্ষ পৰিদৰ্শন কৰি এই বিষয়ে প্ৰকাশ কৰে। ঘটনাটো অত্যন্ত পীড়াদায়ক বুলিও মুখ্যমন্ত্ৰীয়ে মত প্রকাশ
কৰে।

কালি হাস্পতালখনৰ নৱজাতকৰ আই চি ইউৰ বিছনাৰ পৰা পৰি এটি শিশুৰ মৃত্যু হোৱাৰ লগতে আন এটি গুৰুতৰভাৱে আহত হৈছিল। জানিব পৰা মতে এটি নৱজাতক বিছনাৰ পৰা পৰি যোৱাৰ লগতে আন এটি ফটো থেৰাপি মেচিনত ওলমি ৰয়। এগৰাকী মহিলাই এই ঘটনা প্ৰত্যক্ষ কৰি দায়িত্বত থকা চিকিৎসক আৰু নাৰ্ছক খবৰ দিয়াত দুয়োটা নৱজাতককে উদ্ধাৰ কৰা হয় যদিও এটি শিশুৰ মৃত্যু হয়। মৃত শিশুটিৰ পৰিয়ালে ভঙাগড় থানাত এজাহাৰ দাখিল কৰে। এই ঘটনাৰ খবৰ পোৱাৰ পাছতে মুখ্যমন্ত্ৰীয়ে তদন্তৰ বাবে গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তকো নির্দেশ দিয়ে। তেওঁ লগতে হাস্পতাল কর্তৃপক্ষক ততালিকে চিচিটিভি ফুটেজ পৰীক্ষা কৰিবলৈ আৰু এখন তদন্ত কমিটি গঠন কৰি ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে। এই ঘটনাত দোষী সাব্যস্ত লোকক কঠোৰ শাস্তি দিয়া হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। ইপিনে এই ঘটনাৰ পাছতে ভঙাগড় আৰক্ষীয়ে হাস্পতালখনত একাংশ উৎকোচ গ্রহণ কৰ্মচাৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে ।