January 8, 2026 7:52 PM | ginger festival

printer

দিনজোৰা কাৰ্যসূচীৰে ডিফুত প্ৰথমবাৰৰ বাবে জিনজাৰ মহোৎসৱৰ আয়োজন

কাৰ্বি আংলং জিলাত প্ৰচুৰ পৰিমাণে উৎপাদিত আদাকে ধৰি কৃষিজাত সামগ্ৰীসমূহৰ বাবে বজাৰৰ ব্যৱস্থাৰ লগতে কৃষকসকলৰ উৎপাদিত সামগ্ৰীৰ বেচা-কিনাৰ পথ প্রশস্ত কৰাৰ উদ্দেশ্যে আজি দিনজোৰা কাৰ্যসূচীৰে ডিফুত প্ৰথমবাৰৰ বাবে জিনজাৰ মহোৎসৱৰ আয়োজন কৰা হয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য বীতেশ ইংহিয়ে উদ্বোধন কৰা এই মহোৎসৱত ভাৰতত থকা শ্ল’ভেনিয়াৰ ৰাষ্ট্রদূত টমাছ নিউচিন, অসম চৰকাৰৰ পৰ্যটন আৰু গৃহ বিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰা, বোলছবি নির্মাতা ববিতা শর্মাকে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। শ্ল’ভেনিয়াৰ ৰাষ্ট্রদূতগৰাকীয়ে কাৰ্বি আংলঙত উৎপাদিত আদা অতি উন্নত মানৰ বুলি উল্লেখ কৰে। এই মহোৎসৱৰ সৈতে সংগতি ৰাখি পৰম্পৰাগত কাৰ্বি কৃষি পদ্ধতি, কৃষি পর্যটন বিষয়ত আলোচনা চক্র অনুষ্ঠিত হয়। মহোৎসৱত ভালেসংখ্যক আদা উৎপাদনকাৰী গোটে অংশগ্ৰহণ কৰি তেওঁলোকৰ উৎপাদিত অন্যান্য উদ্যান শস্যসমূহো প্রদর্শন কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।