গুৱাহাটীৰ সমীপৰ সোণাপুৰত নির্মীয়মাণ বিজ্ঞান নগৰী অহা বছৰৰ অক্টোবৰৰ ভিতৰত মুকলিৰ নিৰ্দেশ কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্র সিং শ্বেখাৱাটৰ

গুৱাহাটীৰ সমীপৰ সোণাপুৰৰ টেপেচিয়াত নির্মীয়মাণ বিজ্ঞান নগৰী অহা বছৰৰ অক্টোবৰৰ ভিতৰত মুকলি কৰাৰ বাবে কেন্দ্ৰীয় সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্র সিং শ্বেখাৱাটে নির্দেশ দিছে। মন্ত্ৰীগৰাকীয়ে কালি ৰাজ্যৰ বিজ্ঞান প্রযুক্তি মন্ত্ৰী কেশৱ মহন্তৰ সৈতে নির্মীয়মাণ বিজ্ঞান নগৰীৰ কাম-কাজ পৰিদৰ্শন কৰাৰ পাছত ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিষদ, ৰাজ্যৰ বিজ্ঞান প্রযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগ, লোকনিৰ্মাণ গৃহ বিভাগৰ বিষয়া-অভিযন্তা আৰু নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ কাৰ্যবাহীৰ সৈতে এখন বৈঠকত মিলিত হৈ এই বিষয়ে প্ৰকাশ কৰে। এই বিজ্ঞান নগৰীৰ নিৰ্মাণৰ কাম-কাজ লেহেমীয়া হোৱাৰ বাবে মন্ত্ৰীগৰাকীয়ে অসন্তুষ্টি প্রকাশ কৰে। তেওঁ বিজ্ঞান প্রযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ সচিবগৰাকীক ১৫ দিনৰ মূৰে মূৰে বিজ্ঞান নগৰীৰ নির্মাণ কার্য অগ্রগতি পর্যালোচনা কৰাৰ নিৰ্দেশ দিয়ে। তদুপৰি ইয়াৰ নিৰ্মাণৰ কাৰ্যৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ দিশসমূহ পৰ্যালোচনাৰ বাবে শীঘ্ৰে তেওঁৰ মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াক লৈ এখন বৈঠক অনুষ্ঠিত কৰিব বুলিও শ্ৰীশ্বেখাৱটে অৱগত কৰে। অহা বছৰ নৱেম্বৰৰ পৰা বিজ্ঞান নগৰীখন সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰি তুলিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে মন্ত্ৰ্যালয়ৰ লগতে ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিষদৰ শীৰ্ষ বিষয়া নিৰ্দেশনা জাৰি কৰিব বুলিও উল্লেখ কৰে। উল্লেখযোগ্য যে, কেন্দ্রীয় সংস্কৃতি মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰাহালয় পৰিষদৰ পৃষ্ঠপোষকতাৰে আৰু কলকাতা ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় তথা ছায়েন্স চিটীৰ সমপৰ্যায়ৰ হিচাপে এই বিজ্ঞান নগৰী নিৰ্মাণ কৰিবলৈ লোৱা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।