গুৱাহাটীৰ ৰুক্মিণীগাঁৱৰ নৱনিৰ্মিত ভগদত্ত উৰণ সেতু মুকলি

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ ৰুক্মিণীগাঁৱৰ নৱনিৰ্মিত ভগদত্ত উৰণ সেতুখন কালি ৰাইজৰ বাবে মুকলি কৰে। ১১১ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰা চাৰিটা লেনযুক্ত ৬৭০ মিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখনে ছয়মাইল, ডাউন টাউন, ৰুক্মিণীগাঁৱৰ যান-জঁট লাঘৱ কৰিব বুলি আশা কৰা হৈছে। ২০২৪ চনৰ অক্টোবৰত উৰণ সেতুখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল। উৰণ সেতুখনৰ নিৰ্মাণৰ বাবে ১৮ মাহ ধাৰ্য কৰা হৈছিল যদিও ৯ মাহৰ ভিতৰতে ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।