ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

গুৱাহাটী মহানগৰীক বানমুক্ত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ

গুৱাহাটী মহানগৰীক বানমুক্ত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ত শেহতীয়াকৈ এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি কালত ৰাজ্য চৰকাৰে এই পদক্ষেপসমূহ শপতনামা ৰূপত ন্যায়ালয়ত দাখিল কৰে। ৰাজ্য চৰকাৰৰ হৈ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অতিৰিক্ত সচিব আল আজাহাৰ আলীয়ে দাখিল কৰা শপতনামাত সন্নিৱিষ্ট তথ্য অনুসৰি মহানগৰীৰ মাজেৰে বৈ যোৱা বাহিনী নৈৰ খনন আৰু সংৰক্ষণৰ বাবে ১৮৩ কোটি টকাৰ বিস্তৃত প্রকল্প প্রতিবেদন প্রস্তুত কৰা হৈছে । ইতিমধ্যে প্ৰস্তাৱিত প্রকল্প ব্যয়সহ বিস্তৃত প্রতিবেদন এছিয়ান ডেভেলপমেণ্ট বেংকত দাখিল কৰা হৈছে। এই প্ৰকল্পৰ অধীনত গ্ৰহণ কৰা আন কেইবাটাও পদক্ষেপৰ ভিতৰত মেঘালয়ৰ পৰা নামি অহা পানীৰ ধল ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেৰে পামহী নদীলৈ বোৱাই নিয়াৰ পৰিকল্পনা কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।