গুৱাহাটীৰ চানমাৰিত অনুষ্ঠিত শিশু মহোৎসৱত কৰ্কট ৰোগ সম্পৰ্কীয় সজাগতা শিবিৰ

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত গুৱাহাটীৰ চানমাৰিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত চলি থকা শিশু মহোৎসৱৰ আজি সপ্তম দিনা কৰ্কট ৰোগ সম্পৰ্কীয় সজাগতা শিবিৰ অনুষ্টিত হয়। কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দি ৰোগীক সহায়ৰ হাত আগবঢ়াই অহা সমাজসেৱী সংগঠন প্ৰতিশ্ৰুতিৰ উদ্যোগত এই শিবিৰ মুকলি কৰা হয়। শিবিৰত বিশেষজ্ঞ চিকিৎসক ডাঃ যদুনাথ বুঢ়াগোহাঁই আৰু ডাঃ শিখা শৰ্মাই ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলক স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভত পৰামৰ্শ দিয়ে। অসম প্ৰকাশন পৰিষদে এই ধৰণৰ শিবিৰ অনুষ্ঠিত কৰি নিদৰ্শন দাঙি ধৰিছে বুলি দুয়োগৰাকী চিকিৎসকে মন্তব্য কৰে। আজি পুৱাৰ অনুষ্ঠান আৰতি হাজৰিকাৰ যোগাসনেৰে আৰম্ভ হয়। ইয়াৰ পাছত বিগত কেইদিনৰ দৰে শিশুসকলৰ বাবে নাটক, নৃত্য, মোকাভিনয় আৰু সুকুমাৰ কলাৰ কৰ্মশালা অনুষ্ঠিত হয়। সংগীতৰ কৰ্মশালাত আজি সমাদৃত শিল্পী তৰালি শৰ্মাই অংশগ্ৰহণ কৰে। বিয়লি ৩ বজাৰ পৰা ছৈয়ানি চক্ৰৱৰ্তী পৰিচালিত ইচ্ছেপূৰ্ণ নামৰ বাংলা ভাষাৰ ছুটি চলচ্চিত্ৰখন প্ৰদৰ্শন কৰা হয়। ইয়াৰ পাছতে সাংস্কৃতিক কার্যসূচী অনুষ্ঠিত হয়।