নতুন দিল্লীত লেফটেনেণ্ট জেনেৰেল উপেন্দ্র দ্বিবেদীয়ে আজি পৰৱৰ্তী সেনাধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে৷ দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতিসৌধত জেনেৰেল দ্বিবেদীয়ে মাল্যাৰ্পণ কৰাৰ লগতে কৰ্তব্যত থকাৰ সময়ত প্রাণ আহুতি দিয়া বীৰ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত জেনেৰেল দ্বিবেদীয়ে কয় যে- ভাৰতীয় সেনাবাহিনীক নেতৃত্ব দিয়াৰ সুযোগ পোৱাটো তেওঁৰ বাবে অতি গৌৰৱ আৰু সন্মানৰ কথা৷
নতুন দিল্লীত লেফটেনেণ্ট জেনেৰেল উপেন্দ্র দ্বিবেদীৰ সেনাধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ
