October 13, 2025 12:39 PM | Kriti bardhan singh

printer

গাজা শান্তি সম্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে কাইৰ’ত উপস্থিত কীর্তিবর্ধন সিং

কেন্দ্রীয় পৰিবেশ তথা বন ৰাজ্য মন্ত্রী কীর্তিবর্ধন সিং, গাজা শান্তি সম্মিলনত ভাৰতৰ প্ৰতিনিধি হিচাপে অংশগ্ৰহণৰ উদ্দেশ্যে ইজিপ্তৰ ৰাজধানী কাইৰ’ত উপস্থিত হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বিশেষ প্রতিনিধি হিচাপে এই সম্মিলনত তেওঁ অংশগ্রহণ কৰিব বুলি সামাজিক মাধ্যমযোগে মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। যোৱা বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডানাল্ড ট্রাম্পৰ শান্তি পৰিকল্পনাৰ প্ৰথম পৰ্যায়ত ইজৰাইল আৰু হামাছে বুজাবুজি কৰা কাৰ্যক প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে আদৰণি জনাইছে। এই ক্ষেত্ৰত ইজৰাইলী প্রধানমন্ত্রী নেতান্যাছৰ শক্তিশালী নেতৃত্বৰো শ্রীমোদীয়ে প্রশংসা কৰে। প্রধানমন্ত্রীয়ে পণবন্দীসকলক মুকলি কৰি দিয়া হ’ব আৰু গাজাৰ জনসাধাৰণলৈ প্রয়োজনীয় মানবীয় সহায়-সাহায্য আগবঢ়োৱা হ’ব বুলিও আশা প্রকাশ কৰে। উল্লেখযোগ্য যে ইজিপ্তৰ স্বৰ্ম এল শ্বেইখত আজি গাজাত যুদ্ধ সমাপ্তিৰ উদ্দেশ্যে এখন চুক্তি চূড়ান্ত কৰাৰ লক্ষ্যৰে শান্তি সম্মিলন অনুষ্ঠিত হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।