অসম প্রদেশ কংগ্ৰেছ সমিতিৰ সভাপতি গৌৰৱ গগৈয়ে আজি ডিফু আৱৰ্ত ভৱনত অঞ্চলটোৰ সাংবাদিকসকলৰ সৈতে মত বিনিময় কৰে। বৰ্তমানৰ চৰকাৰখনৰ সমালোচনা কৰি শ্ৰীগগৈয়ে কংগ্ৰেছৰ শাসনকালত ষষ্ঠ অনুসূচীৰ অধীনত গঠন কৰা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ শাসন ব্যৱস্থাৰ বিকেন্দ্ৰীকৰণৰ পৰিৱৰ্তে বিজেপি চৰকাৰে সকলোবোৰ ক্ষমতা নিজৰ হাতত ৰাখিছে বুলি অভিযোগ কৰে ৷
দলীয় আন্তঃগাথনি উন্নয়নৰ বুজ লোৱাৰ উদ্দেশ্যে দুদিনীয়া কাৰ্যসূচীৰে কাৰ্বি আংলঙলৈ যোৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে আজি ডিফুত বিভিন্ন সামাজিক সংগঠনৰ প্ৰতিনিধিসকলৰ সৈতেও মত বিনিময় কৰে।