সাংসদ গৌৰৱ গগৈয়ে ক’ভিদ মহামাৰীৰ সময়ছোৱাত উত্তৰ-পূব সীমান্ত ৰে’লৱেই ষ্টপেজ প্ৰত্যাহাৰ কৰা সকলোবোৰ যাত্ৰীবাহী ৰে’লগাড়ীৰ পূৰ্বৰ অৱস্থা বাহাল কৰিবলৈ ৰে’ল ব’ৰ্ডক আহ্বান জনাইছে। ৰে’ল ব’ৰ্ডৰ অধ্যক্ষ সতীশ কুমাৰলৈ লিখা এখন পত্ৰত সাংসদগৰাকীয়ে ডিব্ৰুগড় টাউন ৰে’ল ষ্টেচনটোক অমৃত ভাৰত ৰে’ল ষ্টেচন আঁচনিৰ অন্তৰ্ভুক্ত কৰি ইয়াক পুনৰ বিকশিত কৰিবলৈ ৰে’ল ব’ৰ্ডক অনুৰোধ জনাইছে। সাংসদগৰাকীয়ে চৰাইদেউ জিলাৰ লংপতীয়া আৰু ডিব্ৰুগড় জিলাৰ ডুমডুমা ৰে’ল ষ্টেচন দুটা পুনৰ মুকলি কৰা, ধামাল গাঁও ৰে’ল ষ্টেচনত টার্মিনেল ষ্টেচনৰূপে বিকশিত কৰা আৰু পদসেতু আৰু ৰেম্প নথকা ষ্টেচনসমূহত অনতিপলমে এই সুবিধাসমূহ উপলব্ধ কৰোৱাকে ধৰি অঞ্চলটোত আন্তঃগাঁথনি খণ্ডৰ বিকাশৰ বাবে কেইবাটাও প্ৰস্তাৱ আগবঢ়ায়। সাংসদগৰাকীয়ে ব্ৰহ্মপুত্ৰ মেইলক কামাখ্যাৰ পৰিৱৰ্তে পুনৰ ডিব্ৰুগড়ৰ পৰা চলাবলৈ, নিউ তিনিচুকীয়াৰ পৰা ৰঙাপৰা হৈ ধুবুৰীলৈ পুনৰ এক্সপ্ৰেছ ৰে’লগাড়ী প্ৰৱৰ্তন, বেদেতী, বৰগাং আৰু মুনাবাৰী ষ্টেচনত ৰে’লগাড়ী ৰখোৱাৰ ব্যৱস্থা কৰা নামতি আৰু নাজিৰাত নাগালেণ্ড এক্সপ্ৰেছ ৰখোৱাৰ ব্যৱস্থা কৰা, যোৰহাট জিলাৰ হোলক গিবন অভয়াৰণ্যত ৰছী দলঙৰ ব্যৱস্থা অধিক শক্তিশালী কৰা, গুৱাহাটী আৰু ডিব্ৰুগড় আৰু গুৱাহাটী আৰু শিলচৰৰ মাজত বন্দে ভাৰত এক্সপ্ৰেছ প্ৰৱৰ্তন কৰাকে ধৰি আন কেইবাটাও দাবী শীঘ্ৰেই কাৰ্যকৰী কৰাৰ বাবে ৰে’ল ব’ৰ্ডৰ অধ্যক্ষগৰাকীক অনুৰোধ জনায়।
Site Admin | July 3, 2025 7:11 PM | Gauruv gogoi
যাত্ৰীবাহী ৰে’লগাড়ীৰ পূৰ্বৰ অৱস্থা বাহাল কৰিবলৈ ৰে’ল ব’ৰ্ডক আহ্বান গৌৰৱ গগৈৰ
