ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 8, 2025 12:44 PM | Gargoan college

printer

শিৱসাগৰ জিলাৰ গড়গাঁও মহাবিদ্যালয়ৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত

শিৱসাগৰ জিলাৰ গড়গাঁও মহাবিদ্যালয়ৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস কালি অনুষ্ঠিত হয়। অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ৬০ বসন্ত কুমাৰ গোস্বামীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মুখ্য অতিথিৰ ভাষণত ড০ গোস্বামীয়ে কয়, যে অসমীয়া ভাষা বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ বাবে কঠোৰ পৰিশ্ৰম আৰু যথাযোগ্য কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগিব। মাধৱ কন্দলী, শংকৰদেৱ আদি বৰেণ্য অসমীয়া সাহিত্যিকৰ সাহিত্যৰাজীক ভাৰতত প্ৰতিষ্ঠা কৰাৰ বাবে সাহিত্য সভাই লোৱা পদক্ষেপৰ বিষয়ে তেওঁ প্ৰকাশ কৰে। ড০ গোস্বামীয়ে লগতে কয়, যে শিক্ষা ব্যৱস্থা জীৱিকামুখী হোৱাতকৈ জীৱনমুখী হোৱা উচিত ।

কালি পুৱা পতাকা উত্তোলনেৰে আৰম্ভ হোৱা অনুষ্ঠানত দুপৰীয়াৰ মুকলি সভা উদ্বোধন কৰে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি বিমান চন্দ্ৰ বৰুৱাই। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ সব্যসাচী মহন্তই আদৰণি ভাষণত মহাবিদ্যালয়খনৰ যাত্ৰাৰ ৰূপৰেখা আৰু এতিয়ালৈকে বিভিন্ন দিশত অৰ্জন কৰা সাফল্যৰ খতিয়ান দাঙি ধৰে। সভাত ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।