ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 2, 2024 9:48 AM | Gandhi Jayanti

printer

জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জয়ন্তীত আজি সমগ্র দেশবাসীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন

● জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জয়ন্তীত আজি সমগ্র দেশবাসীয়ে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে। গান্ধী জয়ন্তী উপলক্ষে প্ৰতি বছৰে সমগ্ৰ দেশৰ লগতে প্রবাসী ভাৰতীয়সকলেও ধাৰাবাহিকভাৱে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰি আহিছে। নতুন দিল্লীৰ ৰাজঘাটৰ বাপুৰ সমাধিস্থলীত গান্ধী জয়ন্তী উপলক্ষে আজি এখন সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হৈছে। জন্মবার্ষিকী উপলক্ষে দেশবাসীয়ে আজি প্রাক্তন প্রধানমন্ত্রী লাল বাহাদুৰ শাস্ত্ৰীকো স্মৰণ কৰিছে।

গান্ধী জয়ন্তী উপলক্ষে আজি পুৱা ৯ বজাৰ পৰা ১০ বজালৈ জনসাধাৰণক একত্ৰিত হৈ স্বচ্ছতাৰ হকে শ্রম দান কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনাইছে। এই উপলক্ষে নতুন দিল্লীৰ বিজ্ঞান ভৱনত হ’বলগীয়া স্বচ্ছ ভাৰত দিৱসৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। প্রধানমন্ত্ৰী গৰাকীয়ে মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধা জনাই বাপুজীৰ প্ৰভাৱ বিশ্বজনীন বুলি উল্লেখ কৰি তেওঁৰ চিন্তাই সমগ্ৰ মানৱ জাতিকে ঐক্য আৰু দয়াৰ মনোভাৱক আগুৱাই নিবলৈ প্ৰেৰণা যোগায় বুলি উল্লেখ কৰে।
ইপিনে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই তেওঁ অহিংসা আৰু প্ৰেমৰ বাণীৰে সমগ্ৰ বিশ্বৰ মানৱ জাতিক উদ্বুদ্ধ কৰিছিল বুলি উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।