ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

গাজাৰ সংঘৰ্ষৰ সমাপ্তি ঘটোৱাৰ উদ্দেশ্যে ইজৰাইলে দিয়া নতুন প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ হামাছক অনুৰোধ ৰাষ্ট্ৰপতি  বাইডেনৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে গাজাৰ সংঘৰ্ষৰ সমাপ্তি ঘটোৱাৰ উদ্দেশ্যে ইজৰাইলে দিয়া নতুন প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ হামাছক অনুৰোধ জনাইছে। ৩টা অংশবিশিষ্ট এই প্ৰস্তাৱ ৬ সপ্তাহৰ যুদ্ধ বিৰতিৰে আৰম্ভ হ’ব, য’ত গাজাৰ জনবসিতপূর্ণ অঞ্চলসমূহৰ পৰা ইজৰাইলী প্ৰতিৰক্ষা বাহিনীসমূহ প্ৰত্যাহাৰ কৰা হ’ব। এই প্ৰস্তাৱৰ জৰিয়তে শত্ৰুতাৰ স্থায়ী পৰিসমাপ্তিৰ লগতে গাজাৰ পুনৰ নিৰ্মাণৰ পৰিকল্পনা কৰিব পৰা যাব। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কৈছে যে- ভয়াৱহ সংঘৰ্ষৰ পৰিসমাপ্তিৰ শুভাৰম্ভৰ উদ্দেশ্যে এইয়া সকলোতকৈ উত্তম উপায়। ইপিনে, ইজৰাইলৰ প্ৰধানমন্ত্রী বেঞ্জামিন নেতানাহুরে এটা বিজ্ঞপ্তিযোগে কৈছে যে, সকলো পণবন্দীৰ মুক্তি তথা হামাছৰ সেনা আৰু চৰকাৰী শক্তি নাশ নোহাৱা পৰ্যন্ত এই যুদ্ধৰ অৱসান নঘটে।