ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

গহপুৰ-নুমলীগড় সংযোগী ৰাজ্যৰ প্ৰথমটো সুৰংগ পথ নিৰ্মাণৰ সকলো দিশতে সুৰক্ষা ক্ৰয় পৰিষদৰ অনুমোদন

ৰাজ্যৰ প্ৰথমটো সুৰংগ পথ গহপুৰ-নুমলীগড় সংযোগী ৩৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথচোৱাৰ নিৰ্মাণ কাৰ্য শীঘ্ৰে আৰম্ভ হ’ব। সুৰক্ষা পথটোৰ নিৰ্মাণৰ ক্ষেত্ৰত সুৰক্ষা ক্ৰয় পৰিষদে সকলো দিশতে অনুমোদন জনোৱা বুলি গহপুৰৰ বিধায়ক উৎপল বড়াই জানিবলৈ দিছে। অহা বিধানসভা নিৰ্বাচনৰ পূৰ্বে কাম আৰম্ভ হ’বলগীয়া প্ৰকল্পটোৰ বাবে চলিত বৰ্ষৰ অক্টোবৰ-নৱেম্বৰ মাহত নিবিদা প্ৰকাশ পাব বুলি তেওঁ মন্তব্য কৰে। লুই বাৰ্জাৰ প্ৰতিষ্ঠানে প্ৰস্তুত কৰা ১৫ হাজাৰ ১৭৪ কোটি টকাৰ ডি পি আৰ আৰু বৃহৎ প্ৰকল্পটোৱে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন লাভ কৰিছে। ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগে সুৰংগ পথ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ১৬৫ হেক্টৰতকৈও অধিক ভূমি অধিকগ্ৰহণ কৰিছে। দেশৰ অখণ্ডতা আৰু প্ৰতিৰক্ষাৰ দিশত অধিক গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত সুৰংগ পথটোৱে ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ লগতে দক্ষিণ পাৰক পোনপটীয়াকৈ সংযোগ কৰিব। পথটো উত্তৰপাৰে বিশ্বনাথ জিলাৰ গহপুৰৰ সোলেঙী দলঙৰ পৰা ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দক্ষিণ দিশে ঘূৰি ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ গোলাঘাট জিলাৰ নুমলীগড়ত সংযোগ হ’ব।