ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 6, 2025 6:49 PM | CM | ghapur

printer

ছহিদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ নিৰ্মাণকাৰ্যত ব্যৱহাৰ হ’বলগীয়া ২৭০টা অমৃত কলহ গহপুৰলৈ প্ৰেৰণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গহপুৰত ছহিদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ নিৰ্মাণকাৰ্যত ব্যৱহাৰ হবলগীয়া অমৃত কলহ কঢ়িয়াই নিয়া বাহনৰ আজি শুভাৰম্ভ কৰে। বিশ্ববিদ্যালয়খনৰ আধাৰশিলা স্থাপনৰ বাবে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সংৰক্ষণ কৰি ৰখা ২৭০টা অমৃত কলহ গহপুৰলৈ লৈ যোৱা হব। উল্লেখযোগ্য যে মোৰ মাটি, মোৰ দেশকাৰ্যসূচীৰ অংশ হিচাপে ২০২৩ বৰ্ষৰ ২০ ছেপ্তেম্বৰৰ পৰা ৰাজ্যত অমৃত কলহ যাত্ৰাৰ ৰূপায়ণ কৰি প্ৰতিখন গাঁও আৰু পৌৰ এলেকাৰ প্ৰতিটো ৱাৰ্ডৰ পৰা সংগ্ৰহ কৰা মাটি বা চাউল অমৃত কলহত সংগ্ৰহ কৰা হৈছিল। মুখ্যমন্ত্রী ড০ শৰ্মাই তেওঁৰ ভাষণত ছহিদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় ৰাজ্য চৰকাৰৰ এটা অন্যতম অভিলাষী প্রকল্প বুলি উল্লেখ কৰি কয়, যে এই বিশ্ববিদ্যালয়খন প্রযুক্তি আধাৰিত বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত দেশৰ প্ৰথমখন বিশ্ববিদ্যালয় হব। গহপুৰৰ ভোলাগুৰি চাহ বাগিচাৰ ৭৩১ বিঘা ভূমিত প্রায় ৫০০ কোটি টকা ব্যয়ৰে এই বিশ্ববিদ্যালয়খন নির্মাণ কৰা হব বুলি মুখ্যমন্ত্রীয়ে প্রকাশ কৰে।

ছহিদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়খনক সকলো দিশতে আগশাৰীৰ এখন প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে পৰ্যাপ্ত পুঁজি আৱণ্টনৰ ব্যৱস্থা কৰিছে বুলি উল্লেখ কৰি ড০ শৰ্মাই কয়, যে ইয়াত কৃত্রিম বুদ্ধিমত্তা, ৰবটিক ছায়েন্স, থ্রী ডি প্রিন্টিডকে ধৰি কেইবাটাও নতুন নতুন বিষয় অন্তর্ভুক্ত কৰা হব।

উল্লেখযোগ্য যে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে পৰহিলৈ এই বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব।

মুখ্যমন্ত্ৰীগৰাকীয়ে আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত অহা ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমনৰ বিষয়েও প্রকাশ কৰে। শ্রীমোদীয়ে এই ভ্রমণকালত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নতুন আগমন প্রস্থান ভৱন মুকলি কৰাৰ উপৰি নামৰূপৰ ১২ লাখ মেট্রিকটনৰ ইউৰিয়া আৰু এমনিয়া উৎপাদন প্ৰকল্পৰ উদ্বোধন কৰিব বুলি মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে।