গগণযান অভিযানৰ মানৱৰহিত পৰীক্ষামূলক উৎক্ষেপণ জি ৱানৰ ৯০ শতাংশ কাম সম্পূর্ণ হৈছে আৰু ডিচেম্বৰৰ প্ৰথম সপ্তাহত ইয়াৰ উৎক্ষেপণৰ বাবে সাজু হৈছে বুলি ভাৰতীয় মহাকাশ গবেষণা সংস্থা ইছৰোৰ অধ্যক্ষ ড° ভি. নাৰায়ণনে প্রকাশ কৰিছে। বাংগালুৰুত কালি সাংবাদিকৰ আগত ড° নাৰায়ণনে কয়, যে ক্রু এছকেপ ব্যৱস্থা, পেৰাছুট ব্যৱস্থা, যোগাযোগ ব্যৱস্থা আৰু অন্যান্য উপ ব্যৱস্থাসমূহৰ পৰীক্ষা সফলতাৰে সম্পন্ন হৈছে। তেওঁ কয়, যে প্রথমে মানৱৰহিত অভিযানৰ অংশ হিচাপে ব্যোমমিত্ৰ নামৰ মানৱ আকৃতিৰ ৰবট মহাকাশলৈ প্ৰেৰণ কৰা হ‘ব। ২০২৭ চনত গগণযানত মহাকাশলৈ মানুহ প্ৰেৰণ কৰাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে য‘ত ৩ গৰাকী ভাৰতীয় মহাকাশচাৰীয়ে যাত্রা কৰিব আৰু তেওঁলোকক পুনৰ ঘূৰাই অনা হ‘ব। ড° নাৰায়নণে নিছাৰ পৃথিৱী নিৰীক্ষণ কৃত্রিম উপগ্রহ সন্দর্ভত কয়, যে ইয়াৰ পেল‘ড ১০ৰ পৰা ১৫ দিনৰ ভিতৰত সম্পূৰ্ণৰূপে কার্যক্ষম হৈ উঠিব। ভাৰতীয় অন্তৰীক্ষ কেন্দ্ৰ সন্দৰ্ভত অধ্যক্ষগৰাকীয়ে ইয়াৰ প্ৰথমটো আধাৰ মডিউল ২০২৮ত মুকলি কৰা হ‘ব বুলি জানিবলৈ দিয়ে। ইছৰোই ২০৩৫ চনৰ ভিতৰত মহাকাশ কেন্দ্ৰৰ সপোন বাস্তৱায়িত কৰাৰ বাবে কাম কৰি আছে বুলিও তেওঁ প্রকাশ কৰে।
Site Admin | October 24, 2025 12:43 PM | Gaganjaan
গগণযানৰ ৯০ শতাংশ কাম সম্পূর্ণ হৈছে বুলি ইছৰোৰ অধ্যক্ষৰ প্ৰকাশ