আজি ঐতিহাসিক ফুলগুৰি ধেৱা দিৱস। নগাঁও জিলাৰ ৰহাৰ ফুলগুৰি ধেৱা স্মৃতি ৰক্ষা সমিতিৰ সহযোগত আজি কেইবাটাও কাৰ্যসূচীৰে ১৬৪ সংখ্যক ঐতিহাসিক ফুলগুৰি ধেৱা দিৱস পালন কৰা হয়। ধেৱা উদযাপন সমিতিৰ সভাপতি প্রবীন হাজৰিকাই পুৱা কৰা পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ হয়। অনুষ্ঠানত ৰাজ্য চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ফুলগুৰি ধেৱা স্মৃতি সৌধত বন্তি প্রজ্বলন কৰে। মন্ত্ৰীগৰাকীয়ে ফুলগুৰি ধেৱা ব্ৰিটিছ শাসনৰ এক কৰুণ কাহিনী বুলি মন্তব্য কৰে। একেটা অনুষ্ঠানতে অংশগ্ৰহণ কৰি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কয়, যে ফুলগুৰিৰ ধেৱাত ইংৰাজৰ গুলীত মৃত্যু হোৱা লোকসকলক গোপনে সৎকাৰ কৰা মানুহ পোৰা বিল হিচাপে খ্যাত অঞ্চলটো অবৈধ দখলকাৰীৰ কবলত পৰিছে। ৰাজ্য চৰকাৰে এই ঐতিহাসিক ভূমি দখলমুক্ত কৰি ফুলগুৰি ধেৱাৰ নামত পঞ্জীয়ন কৰা হ’ব বুলি প্ৰকাশ কৰে। ৰহাৰ বিধায়ক শশীকান্ত দাসে মানুহ পোৰা বিলতো এটা স্মৃতিসৌধ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। উল্লেখযোগ্য যে ব্ৰিটিছ শাসনত অন্যায় কৰ নীতিৰ বিৰুদ্ধে ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথম কৃষক বিদ্ৰোহ এই ফুলগুৰিৰ ধেৱা। ১৮৬১ চনৰ ১৮ অক্টোবৰত ফুলগুৰিত ৰাইজমেলৰ জৰিয়তে ইংৰাজৰ শোষণ নিষ্পেষণৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ গৈ বহু কৃষকে ব্ৰিটিছৰ গুলীত প্ৰাণ আহুতি দিছিল। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে ফুলগুৰি ধেৱা কৃষকৰ আত্মবলিদানৰ কাহিনী সুঁৱৰি ছহিদসকললৈ গভীৰ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে।
Site Admin | October 18, 2025 9:05 PM | fulguri dhewa
নগাঁও জিলাৰ ৰহাৰ ফুলগুৰি ধেৱা স্মৃতি ৰক্ষা সমিতিৰ সহযোগত ১৬৪সংখ্যক ফুলগুৰি ধেৱা দিৱস পালন